প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অসমীয়া সাধাৰণ জ্ঞান | Assamese GK 2023 for Competitive Exams
বছৰটোৰ ভিতৰত চলি থকা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে Assamese GK ৰ ভাল জ্ঞান অতি প্ৰয়োজনীয়। সাধাৰণ জ্ঞানত নম্বৰ স্ক’ৰ কৰিবলৈ সহজ কাৰণ গণিতৰ দৰে ইয়াত কোনো সমস্যা সমাধান কৰিব নালাগে। যদি আপুনি যিকোনো প্ৰশ্নৰ সঠিক উত্তৰটো জানে তেন্তে আপুনি কেইছেকেণ্ডমানৰ ভিতৰতে প্ৰশ্নটো সমাধান কৰিব পাৰে। চাকৰি এটাত নিৰ্বাচন নিশ্চিত কৰিবলৈ আপুনি বহুত ভাল নম্বৰ লাভ কৰিব লাগিব। কেৱল কাটঅফ ক্লিয়াৰ কৰিলেই যথেস্ত নহ’বও পাৰে। এনে পৰিস্থিতিত যদি আপোনাৰ Assamese GK ৰ ওপৰত বহুত ভাল কমাণ্ড থাকে তেন্তে আন প্ৰাৰ্থীটকৈ আপুনি বহুত আগবাঢ়ি থাকিব পাৰে।
এই পোষ্টটোত আমি Assamese GK সম্পৰ্কীয় তথ্য প্ৰশ্ন উত্তৰ ফৰ্মেটত আগবঢ়াইছো। আশাকৰোঁ এইখিনিয়ে আপোনাৰ প্ৰস্তুতিত সহায় কৰিব।
সাম্প্ৰতিক পৰিস্থিতি (Assamese GK Current Affairs)
1. অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন?
উত্তৰ: হিমন্ত বিশ্ব শৰ্মা
2. অসমৰ বৰ্তমান ৰাজ্যপাল কোন?
উত্তৰ: গুলাব চান্দ কটাৰিয়া (2023 চনৰ 22 ফেব্ৰুৱাৰীত তেওঁ অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে)
3. অসমৰ বৰ্তমানৰ বিত্তমন্ত্ৰী কোন?
উত্তৰ: অজন্তা নেওগ
4. অসমৰ বৰ্তমান শিক্ষামন্ত্ৰী কোন?
উত্তৰ: ৰনোজ পেগু
5. অসমৰ বৰ্তমান স্বাস্থ্যমন্ত্ৰী কোন?
উত্তৰ: হিমন্ত বিশ্ব শৰ্মা
গুৰুত্বপূৰ্ণ দিন (Assamese GK – Important Days)
1. শিল্পী দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: 17 জানুৱাৰী। (1951 চনৰ এই দিনটোতে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু হৈছিল। )
2. অসম দিৱস কেতিয়া উদযাপন কৰা হয়?
উত্তৰ: 2 ডিচেম্বৰ। (অসম দিৱসক চুকাফা দিৱস বুলিও কোৱা হয়)
3. লাচিত দিৱস কেতিয়া উদযাপন কৰা হয়?
উত্তৰ: 24 নৱেম্বৰ (লাচিত বৰফুকনৰ জন্ম হৈছিল 1622 চনৰ 24 নৱেম্বৰত)
4. ৰাভা দিৱস কেতিয়া উদযাপন কৰা হয়?
উত্তৰ: 20 জুন (1969 চনৰ এই দিনটোতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল। )
5. শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: 10 ডিচেম্বৰ
কিতাপ আৰু লেখক (Assamese GK – Books and Authors)
1. “অসীমত জাৰ হেৰাল সীমা” কিতাপখন কোনে লিখিছিল?
উত্তৰ: কাঞ্চন বৰুৱা
2. “ব্রিকোদৰ বৰুৱাৰ বিয়া” কিতাপখনৰ লেখক কোন?
উত্তৰ: লিলা গগৈ
3. “কাৰেংগৰ লিগিৰি” নাটকখন কোনে লিখিছিল?
উত্তৰ: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
4. “পাতল ভৈৰৱী” উপন্যাসখনৰ লেখক কোন?
উত্তৰ: লক্ষ্মীনন্দন বৰা
5. “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা” উপন্যাসখন কোনে লিখিছিল?
উত্তৰ: মামণি ৰয়ছম গোস্বামী
উপসংহাৰ (Conclusion)
সাধাৰণ জ্ঞান বিষয়টো অতি বিশাল। পৰীক্ষাত যিকোনো বিষয়ৰ ওপৰত প্ৰশ্ন সোধিব পাৰে। এই পোষ্টটোত আমি পৰীক্ষাত আহিব পৰা কিছুমান সম্ভাব্য় প্ৰশ্ন আগবঢ়াইছো। অৱশ্যে আপুনি ভাল ফলাফলৰ বাবে আৰু অধিক পৰিশ্ৰম কৰিব লাগিব। বিভিন্ন categoryৰ বিষয়ে আপুনি আৰু অধ্য়য়ন কৰিব লাগিব।
সাধাৰণ জ্ঞানৰ বাবে তলৰ দুখন কিতাপ চাব পাৰে। এই দুইখন কিতাপ assamese gk ৰ লগতে national gk ৰ বাবেও অতি গুৰুত্বপূৰ্ণ।
সান্তনু কৌশিক বৰুৱাৰ Assam Year Book 2023 গ্ৰন্থখনত অসমৰ ইতিহাস, সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি, ভূগোলকে ধৰি বিভিন্ন বিষয়ৰ লগতে ইয়াৰ চৰকাৰ, ৰাজহুৱা প্ৰতিষ্ঠান, সামাজিক সংগঠনৰ তথ্যও সন্নিবিষ্ট কৰা হৈছে। সান্তনু কৌশিক বৰুৱাৰ Assam Year Book পুথিখন শুদ্ধতা, বিশদতা, আৰু সুলভতাৰ বাবে জনাজাত আৰু অসম ৰাজ্যৰ তথ্যৰ অন্যতম কৰ্তৃত্বশীল উৎস হিচাপে বহুলভাৱে স্বীকৃতি লাভ কৰিছে। বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এই গ্ৰন্থখন অতি উত্তম সম্পদ।
Arihant General Knowledge 2023
Arihant General Knowledge 2023 প্ৰখ্যাত লেখক আৰু সম্পাদক মনোহৰ পাণ্ডেৰ দ্বাৰা ৰচিত এখন জনপ্ৰিয় সাধাৰণ জ্ঞানৰ গ্ৰন্থ। ইতিহাস, ভূগোল, ভাৰতীয় ৰাজনীতি, অৰ্থনীতি, বিজ্ঞান আৰু প্ৰযুক্তি, ক্ৰীড়া, আৰু সাম্প্ৰতিক পৰিস্থিতি আদি বিষয়সমূহ সামৰি সাধাৰণ জ্ঞানৰ বিভিন্ন দিশৰ বিস্তৃত পথ প্ৰদৰ্শক এই গ্ৰন্থখন। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে ই এক উপযোগী সম্পদ। বিষয়সমূহৰ বিস্তৃত কভাৰেজ আৰু সহজে বুজিব পৰা ভাষাৰ বাবে এই গ্ৰন্থখনে ছাত্ৰ-ছাত্ৰী আৰু আকাংক্ষিতসকলৰ মাজত জনপ্ৰিয় পছন্দ হিচাপে পৰিগণিত হৈছে।