এই পোষ্টটোত আমি Assam Direct Recruitment 2022 Resultৰ বিষয়ে আলোচনা কৰিম। অসম প্ৰত্যক্ষ নিযুক্তি 2022ৰ প্ৰায় সকলো প্ৰক্ৰিয়া এতিয়া সম্পূৰ্ণ হৈছে। লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগতে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী দুয়োটা পদৰ বাবে কম্পিউটাৰ পৰীক্ষা/Vivaও সম্পূৰ্ণ কৰা হৈছে।
সকলো প্ৰাৰ্থীয়ে এতিয়া অধীৰ আগ্ৰহেৰে Assam Direct Recruitment Final Result Dateলৈ অপেক্ষা কৰি আছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসম চৰকাৰে অহা 10 মে’ত 50000 লোকক নিযুক্তি পত্ৰ বিতৰণ কৰিব। এই 50000 নিযুক্তিত প্ৰায় 25000 Assam Direct Recruitment 2022 ৰ পৰা হব। মুখ্যমন্ত্ৰীয়ে নিযুক্তিৰ তাৰিখ ঘোষণা কৰিলেও ফলাফল ঘোষণাৰ তাৰিখ সন্দৰ্ভত একো কোৱা নাই। তথাপিও আমি আশা কৰিব পাৰো যে ২০২৩ চনৰ মাৰ্চ মাহৰ শেষৰ ফালে চূড়ান্ত ফলাফল ঘোষণা কৰা হ’ব। কাৰণ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ আগতে তেওঁলোকৰ আৰু বহুতো কৰিবলগীয়া কাম থাকিব।
অসম দাইৰেক্ট ৰিকৰুইটমেণ্ট 2022 পোষ্টৰ সবিশেষ (Assam Direct Recruitment 2022 post details)
তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে State Level Recruitment Commissionএ প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি খালী পদৰ সংখ্যা তলত উল্লেখ কৰা ধৰণৰ:
তৃতীয় শ্ৰেণী (Assam Direct Recruitment Grade 3):
তৃতীয় শ্ৰেণীৰ মুঠ পদৰ সংখ্যা 13141 টা।
Category-I: 8331 পদ (কম্পিউটাৰ চাৰ্টিফিকেট/ডিপ্লমাসহ স্নাতক ডিগ্ৰী + কেৱল স্নাতক ডিগ্ৰী)
Category-II: 3690 টা পদ (HSSLC উত্তীৰ্ণ)
Category-III: 1120 টা পদ (HSLC উত্তীৰ্ণ কেৱল ড্ৰাইভাৰ পদৰ বাবে)
চতুৰ্থ শ্ৰেণী (Assam Direct Recruitment Grade 4):
চতুৰ্থ শ্ৰেণীৰ মুঠ পদৰ সংখ্যা 13300 টা।
Category-I: 9000 পদ (অষ্টম শ্ৰেণী উত্তীৰ্ণ)
Category-II: 4300 পদ (HSLC উত্তীৰ্ণ)